আৰম্ভণিতেই সকলোলৈকে সশ্ৰদ্ধ সম্ভাষণ জ্ঞাপন কৰিলোঁ ৷ ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাৰে সোণাপুৰ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ইংৰাজী ১৭, ১৮ আৰু ১৯ নবেম্বৰ ২০১৬ বৃহস্পতি ,শুক্ৰ আৰু শনিবাৰে তিনি দিনীয়া কাৰ্য্যৰ্সূচীৰে অনুষ্ঠিত হৈ যায় ৷ আপোনালোক সকলোৱে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে আপোনালোক সদৌটিলৈকে সশ্ৰদ্ধ সম্ভাষণ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷
ইং ১৭–১১–২০১৬, বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত মহাবিদ্যালয়ৰ NCC কেদাৰৰ ছাত্ৰ-ছাত্ৰী সকলে গাৰ্ড অব্ অনাৰেৰে অতিথি সকলক পতাকা উত্তোলন স্থলীলৈ আদৰণি জনায় ৷
মহাবিদ্যালয় পতাকা আৰু ৰূপালী জয়ন্তীৰ পতাকা ক্ৰমে ,অধ্যক্ষ, ড৹ দেৱব্ৰত খনিকৰ আৰু সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি, শ্ৰীযুত সম্বৰ ৰংপি ডাঙৰীয়া দেৱৰ দ্বাৰা উত্তোলনেৰে সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি মহোৎসৱৰ শুভাৰম্ভণি কৰা হয় ৷ একে সময়তে পঞ্চবিংশতিখন পতাকা উত্তোলন কৰে পঁচিশ গৰাকী বিশিষ্ট নিমন্ত্ৰিত অতিথিয়ে ৷ উক্ত পতাকা উত্তোলন কাৰ্যসূচীত মহাবিদ্যালয় সংগীত পৰিবেশন কৰে মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷
পুৱা ৯.০০ বজাত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ এগৰাকী বয়োজ্যেষ্ঠ প্ৰতিস্থাপক কাণ্ডাৰী শ্ৰীযুত ৰাখাল চন্দ্ৰ কলিতা মহোদয়ে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলো প্ৰতিস্থাপক কাণ্ডাৰীৰ লগতে শিক্ষক -কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰীয়ে পুস্পাঞ্জলি প্ৰদানেৰে যিসকল প্ৰতিষ্ঠাপক কাণ্ডাৰীয়ে আমাৰ মাজৰপৰে মেলানি মাগিলে তেখেত সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
পুৱা ১১.৩০ বজা ত সোণাপুৰ মিনি ষ্টেডিয়ামৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৰ উদ্বোধন কৰে সন্মানীয় বিধায়ক তথা মহাবিদ্যালয় খনিৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক কাণ্ডাৰী শ্ৰী যুত অতুল বৰা দেৱে ৷ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ প্ৰায় ৩১ টা বিভিন্ন সাংস্কৃতিক দল ডিমৰীয়া অঞ্চলৰ ভালেসংখ্যক সাংস্কৃতিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে অঞ্চলটিৰ কেইবাখনো শিক্ষানুষ্ঠানে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰী ,শিক্ষক-কৰ্মচাৰী আৰু সহস্রাধিক ৰাইজৰ অংশগ্ৰহণেৰে সোণাপুৰৰ পৰা মিলনপুৰ হৈ মহাবিদ্যালয় খনিলৈ হোৱা এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আছিল এক অভূতপূৰ্ব অনু্ষ্ঠান ৷
আবেলি ২.৩০ বজা : প্ৰতিষ্ঠাপক সম্বৰ্ধনা আৰু অন্তৰংগ আলাপ অনুষ্ঠানটিৰ সঞ্চালনা কৰাৰ বাবে শ্ৰী যুত অনুপ শংকৰ ভাদুড়ী দেৱক নিমন্ত্ৰণ কৰা হৈছিল যদিও তেখেতৰ বিশেষ জৰুৰী কামৰ বাবে এই অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলে ৷
প্ৰতিষ্ঠাপক সম্পাদক তথা সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য উপদেষ্টা –শ্ৰীযুত উপেন বৰা দেৱে আঁত ধৰা প্ৰতিষ্ঠাপক সম্বৰ্ধনা আৰু অন্তৰংগ আলাপৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰয়াত ১৭ গৰাকী প্ৰতিষ্ঠাপককে ধৰি মুঠ ৪১ গৰাকী প্ৰতিষ্ঠাপক কাণ্ডাৰীক সম্বৰ্ধনা জনোৱা হয় ৷
সন্ধিয়া ৫.০০ বজাত অধ্যাপিকা মণিমালা দাস আৰু বি. ভক্. পাঠ্যক্ৰমৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এখনি সংগীতালক্ষ্যেৰে বন্তি প্ৰজ্বলন অনুষ্ঠানত ২৫ গছি বন্তি প্ৰজ্বলনেৰে এক মনোৰম অনুষ্ঠান অনুষ্ঠিত কৰে ৷
সন্ধিয়া ৫.৩০ বজাত অনু্ষ্ঠিত হোৱা প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়াত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক –কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে ৷ ICCR-ৰ সৌজন্যত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু পূৰ্ণশিল্পম্ দলৰ লগতে দিগন্ত মধুৰ গোস্বামীৰ “Sand Animation” অনুষ্ঠান আছিল উক্ত নিশাৰ অন্যতম সাংস্কৃতিক কাৰ্যসূচী ৷
ইং ১৮–১১–২০১৬, শুক্ৰবাৰে, পুৱা ৯.৩০ বজাত অনুষ্ঠিত হয় মহাবিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰীৰ লগতে ছাত্ৰ –ছাত্ৰীৰ বিচিত্ৰা অনুষ্ঠান ৷
১০.৩০ বজাত মহাবিদ্যালয়ৰ শিক্ষক গোটৰ আৰ্থিক দানেৰে মহাবিদ্যালয় লাইব্ৰেৰিলৈ আগবঢ়োৱা “ Teachers Corner “ ৰ শুভ উদ্ধোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডা৹ ৰমেশ চন্দ্ৰ ডেকা মহোদয়ে ৷
দিনৰ ১২.৩০ বজাত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভাখন অনু্ষ্ঠিত হয় ৷ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰা আদৰণি সমবেত সংগীতেৰে আৰম্ভ হোৱা আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি ভাষণ পাঠ কৰে সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপন সমিত মুখ্য সম্পাদক তথা মহাবিদ্যলয়ৰ অধ্যক্ষ ড৹ দেৱব্ৰত খনিকৰ দেৱে ৷
উদ্ভাসিত উত্তৰ-পূব ভাৰত : ২০৩০: “Emerging North-East India:-2013” শীৰ্ষক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে অসম চৰকাৰ সন্মানীয় শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্ম্মা দেৱে ৷ মুখ্য আলোচক পদ্মশ্ৰী পেট্ৰিচিয়া মুখীম, বিশিষ্ট সাংবাদিক, শ্বিলং টাইমচ্ মেঘালয় আৰু, , ইণ্ডিয়ান এক্সপ্ৰেছ” ৰ উত্তৰ-পূব প্ৰতিনিধি বিশিষ্ট সাংবাদিক শ্ৰীযুত সমুদ্ৰ গুপ্ত কাশ্যপ দুয়োগৰাকীয়ে বিষয়টিৰ ওপৰত বিষদভাবে আলোচনা আগবঢ়ায় ৷ সভাত সন্মানীয় বিধায়ক তথা মহাবিদ্যালয়খনিৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক কাণ্ডাৰী শ্ৰী যুত অতুল বৰা দেৱেও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷
এই সভাতেই ড৹ নিজৰা হাজৰিকা আৰু ড৹ মনি ৰাম কলিতাই আঁত ধৰা গ্ৰন্থ উন্মোচন অনুষ্ঠানত সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ স্মৃতি গ্ৰন্থ –‘প্ৰজ্ঞা আলোক’ উন্মোচন কৰে অসম চৰকাৰ সন্মানীয় শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্ম্মা দেৱে ৷
ড৹ বিমান পাটোৱাৰী সম্পাদিত : CHALLENGES OF ENVIRONMENT AND DEVELOPMENT IN INDIA. – গবেষণা গ্ৰন্থ আৰু ড৹ নিজৰা হাজৰিকা সম্পাদিত IDENTITY : A CRITICAL PERSPECTIVE গ্ৰন্থ দুখন উন্মোচন কৰে শ্বিলং টাইমচ্ৰ বিশিষ্ট সাংবাদিক, পদ্মশ্ৰী পেট্ৰিচিয়া মুখীমে ৷
ড৹ বীৰেন্দ্ৰনাথ দত্ত : লোকসংস্কৃতিৰ বিচিত্ৰা : কিছু তত্ত্ব কিছু তথ্য ; লোকসংসস্কৃতিৰ সাধক শ্ৰীযুত মুৰুলীধৰ দাসৰ গ্ৰন্থ ‘লোকসংসস্কৃতিৰ সুবাস’ ; ড৹ মনিৰাম কলিতা সম্পাদিত : ‘নাট্যালোচনা’ আৰু TEACHERS DIRECTORY: Published by the Sonapur College Teachers Unit
গ্ৰন্থকেইখনি উন্মোচন কৰে শ্ৰীযুত সমুদ্ৰ গুপ্ত কাশ্যপ, মহোদয়ে ৷
আবেলি ৩.৩০ বজা ত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনু্ষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শ্ৰীযুতা বৰষা মেধী আৰু প্ৰাক্তন ছাত্ৰ শ্ৰীমান ৰূপজ্যোতি কোঁৱৰে ৷ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সৌজন্যত উদীয়মান বাঁহী বাদক শিল্পী শ্ৰীমান নিবিৰ শৰ্মাৰ বাঁহী বাদন আৰু কন্ঠশিল্পী শ্ৰীমতী জ্যোতি শৰ্মাৰ গীতৰ শৰাইৰ লগতে এই অনুষ্ঠানত ভালেসংখক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰি অন্তৰংগ আলাপ আৰু গীত-মাতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ৷
সন্ধিয়া ৫.৩০ বজাত অধ্যাপক মণিমালা দাস আৰু বি. ভক্. পাঠ্যক্ৰমৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আন এখনি সংগীতালক্ষ্যৰে বন্তি প্ৰজ্বলন অনুষ্ঠানত ২৫ গছি বন্তি প্ৰজ্বলনেৰে এক মনোৰম অনুষ্ঠান প্ৰদৰ্শন কৰে ৷
সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে শিক্ষক তথা স্থানীয় বিশিষ্ট শিল্পী শ্ৰীযুত লাচিত কাঠাৰদেৱে ৷ উক্ত নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল বিশিষ্ট বাঁহী বাদক শ্ৰী যুত দীপক শৰ্মাৰ Band of Brothers ৰ অনুষ্ঠান পৰিবেশন ৷
১৯-১১-২০১৬, শনিবাৰ দিনৰ ১০.৩০ বজাত সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাখন অনুষ্ঠিত হয় ৷
বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড৹ কন্দৰ্প কুমাৰ ডেকা মহোদয়ে ৷
মুখ্য অতিথিৰ ভাষণত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে অসমৰ সম্পদ সমূহৰ ৰক্ষণাবেক্ষণ আৰু বৰ্ধনৰ বাবে যুৱ প্ৰজন্মৰ কৰণীয় আৰু দায়িত্বৰ বিষয়ে ব্যখ্যা প্ৰদান কৰে ৷ সোণাপুৰ মহাবিদ্যলয়খনিক গুৱাহাটী বিশ্ববিদ্যায়ৰ ভিতৰত এখন শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে প্ৰতিস্থা কৰিবলৈ মহাবিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ প্ৰৰিশ্ৰমী হ’বলৈ মুখ্যমন্ত্ৰী মহোদয়ে মুকলি আহ্বান জনায় ৷
সন্মানীয় অতিথি হিচাপে সন্মানীয় শ্ৰীযুত পৰিমল শুক্লবৈদ্য, গড়কাপ্তানী মন্ত্ৰী , অসম চৰকাৰ; সন্মানীয় ডা৹ হৰিপ্ৰসাদ শৰ্ম্মা, ৰেক্টৰ, গুৱাহাটী বিশ্ববিদ্যালয় ; সন্মানীয় নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী বিশিষ্ট সত্ৰীয়া নৃত্যৰ গৱেষক পণ্ডিত ; সন্মানীয় ড৹ বিশ্বজিৎ বসুমতাৰী , সঞ্চালক, লক্ষ্মীবাঈ ৰাষ্টীয় শাৰিৰীক শিক্ষা প্ৰতিষ্ঠান আৰু সন্মানীয় শ্ৰীযুত অতুল বৰা, স্থানীয় বিধায়ক মহোদয়েও এই মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷
সন্ধিয়া ৫.৩০ বজাত অধ্যাপক মণিমালা দাস আৰু বি. ভক্. পাঠ্যক্ৰমৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আন এক ব্যতিক্ৰমী আলখ্যেৰে ২৫ গছি বন্তি প্ৰজ্বলনেৰে এটি অনুষ্ঠান পৰিবেষন কৰে ৷
বিশেষ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা ডি ৱাই ৩৬৫ৰ পৰিচালন সঞ্চালক শ্ৰীযুতা দিপান্নীতা জয়সৱাল মহোদয়াই ৷ মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীয়ে প্ৰদৰ্শন কৰা গীত আৰু নৃত্যানু্ষ্ঠানে সাংস্কৃতিক সন্ধিয়াটি জীপাল হৈ উঠিছিল ৷
নিশালৈ জুবিন গাৰ্গৰ গীতৰ শৰাই অনুষ্ঠানত মহাবিদ্যালয়খনি জন সমুদ্ৰত পৰিণত হৈ পৰিছিল ৷
নিশা ১২.৩০ বজাত আতচ বাজিৰে সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি মৰা হৈছিল ৷
সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ শুভাৰম্ভণি দুদিনিয়াকৈ ইংৰাজী ২ আৰু ৩ আগষ্ট,২০১৫ ৰবিবাৰ আৰু সোমবাৰ, দুদিনীয়া কাৰ্য্যৰ্সূচীৰে অনুষ্ঠিত কৰাৰ পৰা বছৰযোৰা বিভিন্ন কাৰ্যসূচী অনুস্থিত কৰি অহা হৈছিল ৷
বিগত ৰূপালী জয়ন্তী উদযাপন লগত সংগতি ৰাখি বৰ্ষটিত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যক্ৰমনিকা সমূহ বিষয়ে চমুকৈ কিছুকথা এই চেগতে অবগত কৰিব বিচাৰিছোঁ ৷
১) ইংৰাজী ২ আৰু ৩ আগষ্ট,২০১৫ ৰূপালী জয়ন্তী উদযাপনৰ শুভাৰম্ভণি সমাৰোহৰ উল্লেখযোগ্য সফল
কাৰ্যসূচী সমূহ আছিল :
ক) মাননীয় ভাৰত চৰকাৰৰ তেতিয়াৰ সন্মানীয় যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ
সোণোৱাল মহোদয়ৰ অংশগ্ৰহনেৰে শ্ৰী যুত সম্বৰ ৰংপি দেৱৰ আৰ্থিক অনুদানেৰে নিৰ্মিত মহাবিদ্যালয়ৰ
প্ৰৱেশ দ্বাৰৰ মুখ্য তোৰণ উন্মোচন কৰিছিল অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মাননীয় ড৹
ধ্ৰুৱজ্যোতি বৰা মহোদয়ে ৷
খ) UGC ৰ অনুদানেৰে নিৰ্মিত মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামৰ উদ্ধোধন কৰিছিল ভাৰত চৰকাৰৰ সন্মানীয় যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মাননীয় শ্ৰী যুত সৰ্বানন্দ সোণোৱাল মহোদয়ে ৷
গ) মহাবিদ্যালয়ৰ নৱনিৰ্মিত ‘মিনি থিয়েটাৰ হল’ আৰু ‘কম্পিউটাৰ লেবৰটৰী’ৰ শুভ উদ্বোধন কৰিছিল ক্ৰমে
মাননীয় ড৹ মৃদুল হাজৰিকা,সন্মানীয় উপাচৰ্য, গুৱাহাটী বিশ্ববিদ্যালয় আৰু মাননীয় ড৹ ধ্রুৱজ্যোতি
শইকীয়া, সন্মানীয় উপাচাৰ্য,কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় ৷
ঘ) ‘অসমত উচ্চ শিক্ষা আৰু ইয়াৰ প্ৰত্যাহ্বান’ বিষয়ক আলোচনা লগতে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হৈছিল ৷
কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড৹ ধ্রুৱজ্যোতি শইকীয়া , গুৱাহাটী
বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচৰ্য ড৹ মৃদুল হাজৰিকা আৰু বিশিষ্ট শিক্ষাবিদ মাননীয়া ড৹ গায়ত্ৰী ভট্টাচাৰ্য
মহোদয়াই উক্ত আলোচনাত অংশ গ্ৰহণ কৰিছিল ৷
উক্ত সভাতেই
১) Dr. Nizara Hazarika আৰু Dr. Biman Patowary য়ে সম্পাদনা কৰা গৱেষণা গ্ৰন্থ ‘Social
Equity and Sustainable Development’ গ্ৰন্থখনি উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয়
উপাচাৰ্য মাননীয় ড৹ মৃদুল হাজৰিকা মহোদয়ে ৷
২) Dr. Bipul Borahৰ গৱেষণা গ্ৰন্থ “Economic Appraisal of Orange Cultivation (Application of Agricultural
and Financial Economics) উন্মোচন কৰে জাগীৰোড কলেজৰ সন্মানীয় অধ্যক্ষ, ড৹ ভৱন চন্দ্ৰ নেওগ
দেৱে ৷
৩) Dr. Nizara Hazarika ৰ গৱেষণা গ্ৰন্থ ‘Colonial Assam and Women’s Writing’ উন্মোচন কৰে গুৱাহাটী
বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মাননীয়া ড৹ গায়ত্ৰী ভট্টাচাৰ্য বাইদেৱে ৷
ঙ) বিশিষ্ট ভায়লিন বাদক মনোজ বৰুৱাদেৱে ভায়লিন বাদন, বিশিষ্ট শিল্পী শ্ৰীযুত আলখ্য চক্ৰৱৰ্ত্তী আৰু
দীক্ষুৰ গীতৰ শৰাই সাংস্কৃতিক অনুষ্ঠানত কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল ৷
২) ২৭ আৰু ২৮ আগষ্ট ,২০১৫ তাৰিখত UGCৰ অনুদানেৰে সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ
উদ্যোগত আৰু XIMIT ৰ সহযোগত – “ English Language teaching in India: Problems and
Prospects “ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত নামেৰেই সম্পদিত ৰূপত গৱেষণা গ্ৰন্থ
প্ৰকাশ কৰা হয় ৷
৩) ১৫ আৰু ১৬ চেপ্তেম্বৰ,২০১৫ তাৰিখত UGCৰ অনুদানেৰে সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞন বিভাগ
আৰু North East India Geographical Sosiety ৰ সহযোগত “Challenges of Environment and
Development in North East India” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ।
৪) ১৩ আৰু ১৪ নৱেম্বৰ,২০১৫ তাৰিখত UGCৰ অনুদানেৰে সোণাপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ
উদ্যোগত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল সমাজৰ সহযোগত – “ Panchayati Raj and Rural
development in India: Problems and Prospects “ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত
নামেৰেই সম্পদিত ৰূপত গৱেষণা গ্ৰন্থ প্ৰকাশ কৰা হয় ৷
৫) ২৮ জানুৱাৰী, ২০১৬ তাৰিখত সোণাপুৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰি থকা সদৌ অসম আন্তঃ
মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি ৰূপালী জয়ন্তী বৰ্য উপলক্ষে এইবেলি North East Inter
College Debate Competition হিচাপে ২৮ জানুৱাৰী, ২০১৬ তাৰিখত অনুষ্ঠিত কৰা হয় ।পূৰ্বাঞ্চলৰ
প্ৰায়কেইখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে এই তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাটো এই তৰ্ক প্ৰতিযোগিতাৰ
উল্লেখযোগ্য সফলতা ৷ এই তৰ্ক প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ লোক সভাৰ প্ৰাক্তন Speaker Sjt. P. A.
Sangma মহোদয়ৰ Speaker হিচাপে অংশগ্ৰহণে মহাবিদ্যালয়খনক ধন্য কৰিলে ৷
৬) ইংৰাজী ১৮ মে ,২০১৬ ,বুধবাৰে গ্ৰন্থ উন্মোচন তথা আলোচনা সভা এখন অনুস্থিত কৰা হয় ৷
আলোচনাৰ বিষয় আছিল ‘গ্ৰন্থৰ গুৰুত্ব’ ৷ মুখ্য আলোচক: হিচাপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক তথা
নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক, শ্ৰীযুত ফনীন্দ্ৰ দেৱচৌধুৰী মহোদয় ৷
এই সভাতেই গ্ৰন্থ উন্মোচন কৰা হয় :
শ্ৰী যুত উপেন বৰা দেৱৰ গল্প সংকলন “দাপোণ” আৰু ড৹ ববী দাস মহোদয়াৰ গৱেষণামূলক গ্ৰন্থ -: “Buddhism in Assam from Earliest Times to 13th Chentury A.D.”
উন্মোচন কৰে শ্ৰীযুত ফনীন্দ্ৰ দেৱচৌধুৰী দেৱে ৷
সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গৱেষনামূলক জাৰ্ণেল- “Budding Scholar” উন্মোচন কৰে পূৱ
কামৰূপ জিলাৰ উপায়ুক্তমাননীয় শ্ৰীযুত ৰাজেন্দ্ৰ নাথ গগৈ মহোদয়ে ৷
সোণাপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী উন্মোচন কৰে সোণপুৰ বালিকা বিদ্যালয়ৰ প্ৰধান
শিক্ষয়ত্ৰী, মাননীয়া শ্ৰীযুতা দীপ্তিময়ী বৰা বাইদেউয়ে ৷
৬) ২৫ জুন,২০১৬ তাৰিখত সোণাপুৰ মহাবিদ্যালয় DDU KAUSHAL কেন্দ্ৰৰ সহযোগত গুৱাহাটী
বিশ্ববিদ্যালয়ৰ অধীনৰ B. VOC. প্ৰাঠ্যক্ৰম থকা মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰাকৈ
– “Development of Soft Skill” বিষয়ক এখনি কৰ্মশালা অনু্ষ্ঠিত কৰা হয় ৷ সমল ব্যেক্তি হিচেপে এই
কৰ্মশালত অংশ গ্ৰহন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক ড৹ দেৱহৰি তালুকদাৰ, শ্ৰীযুত
ৰঞ্জন বৰুৱা, ড৹ মৃনময় শৰ্ম্মা, শ্ৰীযুত বিজিৎ দেৱবাৰ্মা আৰু শ্ৰীযুতা হৰিণী মাধৱনে ৷
৭) অসম সত্ৰ মহা সভাই আৰম্ভ কৰা ‘মহাভাগৱত যাত্ৰা’ ইং ২৩ আগষ্ট, ২০১৬ তাৰিখত সোণাপুৰ
মহাবিদ্যলয়ত ৰূপালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ৰাজহুৱা সভা এখনি অনুষ্ঠিত কৰা হৈছিল ৷
শ্ৰীযুত জীৱেশ্বৰ গোস্বামী, শ্ৰীশ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু, শ্ৰীযুত প্ৰফুল্ল প্ৰাণ মহন্ত, উপদেষ্টা,
মহাভাগৱত যাত্ৰা অসম সত্ৰ মহা সভা , শ্ৰী জগত বনিয়া, মূখ্য প্ৰচাৰক, শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু
ড৹ স্বপ্নালী দাস, অধ্যাপক, কটন মহাবিদ্যালয় ,-এই বিশিষ্ট ব্যক্তি সকলে উক্ত সভাত ছাত্ৰ-ছাত্ৰী সকলক
আধ্যাত্মিক শিক্ষাৰ গুৰুত্বৰ উপৰত বক্তব্য আগবঢ়ায়ছিল ৷
৮) ইংৰাজী ২৭ আগষ্ট ,২০১৬ তাৰিখত U.G.C.ৰ অৰ্থ সাহায্য আৰু মানৱ অধিকাৰ আয়োগৰ
সহযোগত -মানৱ অধিকাৰ সজাগতা বিষয়ক আলোচনা সভা এখনিৰ আয়োজন কৰা হয় ৷
মূখ্য অতিথি হিচাপে আলোচনাত অংশ গ্ৰহণ কৰে মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা উচ্চ
ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়ধীস সন্মানীয় ড৹ আফ্তাব হুছেইন শইকীয়া মহোদয়ে ৷
সন্মানীয় অতিথি হিচাপে মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্য শ্ৰীযুত তৰুণ ফুকন মহোদয়েও
-মানৱ অধিকাৰ আৰু আইনৰ সুৰক্ষা সমূহৰ বিষয়ে বহলাই ব্যাখ্যা কৰে ৷
এই সভাতেই সোণাপুৰ মহাবিদ্যালয়ত আৰম্ভ কৰা U.G.C. Sponsored “Certificate Course on
Human Right” ত সফলতাৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক উৰ্ত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷
৯) ৰূপালী জয়ন্তী উদযাপনৰ এই পবিত্ৰ বৰ্যটিত ডঃ ধনজিৎ মেধি ফাউণ্ডেচনৰ সহযোগত ড৹ ধনজিৎ মেধি
স্মাৰক বক্ততা ইং ১ চেপ্তেম্বৰ, ২০১৬, বৃহস্পতিবাৰে অনু্ষ্ঠিত কৰা হয় ৷
বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি প্ৰদান অনুষ্ঠানেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে
শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাননীয় শ্ৰী যুত তুৱাৰাম খনিকৰ মহোদয় ৷
“বৰ্তমানৰ সমাজিক পৰিবেশৰ প্ৰেক্ষাপটত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু শিক্ষানুষ্ঠান সমূহৰ কৰণীয় “ শীৰ্ষক উদ্বোধনী ভাষণত খনিকৰ মহোদয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৎ ব্যবহাৰ উপৰত গুৰুত্ব প্ৰদানৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় ৷ ঘৰখনে দিব লাগিব আধ্যাত্মিক উপাসনা,নৈতিকতা,মৰম-স্নেহ-প্ৰীতি, ত্যাগৰ আদৰ্শ ৷ এইখিনি কথাকেই সাৰোগত কৰি শিক্ষানুষ্ঠান সমূহেও শিক্ষা ব্যবস্থাটোক আগুৱাই নিব লাগিব বুলি তেখেতে যথেষ্ট তাত্বিক ভাষন আগবঢ়ায় ৷
মূল বক্ততা প্ৰদান কৰি শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰী শ্ৰী ড৹ পিতাম্বৰ দেৱ গোস্বামী মহোদয়য়ে ছাত্ৰ-ছাত্ৰী সকলক চাৰিত্ৰিক শিক্ষা প্ৰদানত গুৰুত্ব আৰূপ কৰে ৷ চাৰিত্ৰিক শিক্ষাৰ অভাৱতেই বৰ্তমান সমাজত সৃষ্টি হৈছে ৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ মাজত ভদ্ৰতা, শিষ্টাচাৰ, সৌজ্যণ্যতা, সৌন্দয্যবোধ, পৰিস্কাৰ-পৰিচ্ছন্নতা, স্নেহ-প্ৰীতি, ভাতৃত্ববোধ, আন্তৰিকতা,সৎতা,এইবোৰ শিক্ষা ঘৰখন,শিক্ষানুষ্ঠাণ,অন্যান্ন সামাজিক অনুষ্ঠনৰ লগতে সমাজৰ সকলো ব্যক্তিয়েই গুৰুত্ব প্ৰদানৰ বাবে তেখেতে মুকলিকে আহ্বান জনায় ৷
বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰি দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰী যুত অতুল বৰাদেবে মোৱাইলৰ অপব্যৱহাৰে ছাত্ৰ-ছাত্ৰী সকলৰ যথেষ্ট ক্ষতি কৰিছে; গতিকে এই ক্ষেত্ৰত অভিভাবক, শিক্ষক, জ্যেষ্ঠজন সকলোৱে সচেতন হবৰ বাবে তেওঁ আহ্বান জনায় ৷
এই সভাতেই ড৹ ধনজিৎ মেধি দেবৰ গৱেষণা গ্ৰন্থখনি- ড৹ মনি ৰাম কলিতা আৰু শ্ৰীযুত যোগেন কলিতাদেৱৰ দ্বাৰা সম্পাদনা কৰা – “অসমৰ মাঘ বিহু এটি সমীক্ষা “ নামৰ গবেষণা গ্ৰন্থখনি উন্মোচন কৰে শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰী শ্ৰী ড৹ পিতাম্বৰ দেৱ গোস্বামী মহোদয়ে ।
সোণাপুৰ মহাবিদ্যালয় শিক্ষক গোটৰ বছৰেকীয়া গৱেষণা মূলক গ্ৰন্থ –“ Sona Sophia” উন্মোচন কৰে মাননীয় শ্ৰী যুত তুৱাৰাম খনিকৰ মহোদয়ে ৷
১০) ইংৰাজী ২৩ আৰু ২৪ চেপ্তেম্বৰ ,২০১৬ তাৰিখত UGCৰ অনুদানেৰে সোণাপুৰ মহাবিদ্যালয়ৰ IQAC ৰ
উদ্যোগত আৰু Indian National Trust for Art and Cultural Heritage ( INTACH)ৰ সহযোগত –
“ Culture and Social Values’ quest for Sustainability in a Market Drivan Society” বিষয়ত ৰাষ্ট্ৰীয়
আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹
অন্নদা চৰণ ভাগৱতী আৰু North East Hill University ৰ Cultural Studies বিভাগৰ মূৰব্বী অধ্যাপক
ড৹ দেশমণ্ড খাৰমাফ্লাং ৰ উপস্থিতিয়ে এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনি সাফল্য মণ্ডিত কি তুলিছিল ৷ উক্ত
নামেৰেই সম্পদিত ৰূপত গৱেষণা প্ৰত্ৰ সম্বলিত গ্ৰন্থ এখনিও প্ৰকাশ কৰা হয় ৷
১১) ইংৰাজী ২৬ আৰু ২৭ চেপ্তেম্বৰ ,২০১৬ তাৰিখত English Langage Teaching Association, Assam Chapter-ৰ উদ্যোগত আৰু Sonapur College DDU KAUSHAL কেন্দ্ৰৰ সহযোগত “National Conference on Reading ,Teaching and Performing Shakespeare” ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷
১২) ইংৰাজী ৫নবেম্বৰ তাৰিখে ৰূপালী জয়ন্তী অনুষ্ঠানত প্রাক্তন ছাত্র ছাত্রীৰ সক্ৰিয় অংশগ্রহণৰ বাবে
আহ্বান জনাবলৈ এখনি প্রাক্তন ছাত্র ছাত্রীৰ সমাৰোহ অনুষ্ঠিত কৰা হয় ৷
এইখিনিতে ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি মহোৎসৱৰ আয় ব্যয়ৰ সম্যক ধাৰণা দিবলৈ প্ৰয়াস কৰিছঁ ৷
সোণাপুৰ মহাবিদ্যলয় ৰূপালী জয়ন্তী উদযাপনৰ আৰম্ভনিৰ পৰা সামৰণি মহোৎসৱলৈকে যিখিনি কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ প্ৰায় সকলোখিনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত প্ৰয়াস কৰা হৈছিল আৰু সকলো শিক্ষক-কৰ্মচাৰী, ন-পুৰণি ছা্ত্ৰ-ছাত্ৰী, প্ৰতিষ্ঠাপক কাণ্ডাৰী, সদৌটি ৰইজৰ সক্ৰিয় সহায় সহযোগিতাত সফলকাম হৈছিলোঁ বুলি আমি বিশ্বাস কৰো ৷ এই সকলো ক্ষেত্ৰতে যি সকল ব্যক্তি, অনু্ষ্ঠান-প্ৰতিষ্ঠানে আৰ্থিক আৰু শ্ৰম দানেৰে সক্ৰিয় সহায় সহযোগিতা আগবঢ়ালে সকলোলৈকে এই সুযোগতে পুনৰ সোণাপুৰ মহাবিদ্যালয় পৰিয়ালৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ ইমান বহলভাবে গ্ৰহণ কৰা কাৰ্যসূচী সমূহ ৰূপায়ন কৰিবলৈ যাওঁতে ভুল ভ্ৰান্তি হোৱাতো স্বাভাবিক ৷ গতিকে আমাৰ ভুল ক্ৰূতিৰ বাৱে ক্ষমা বিচাৰি লগতে গঠনমূলক দিহা পৰামৰ্শ আশা কৰি এই প্ৰতিবেদন সামৰাৰ আগেয়ে পুনৰ সদৌটিলৈকে শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ -আহক সকলোৱে মিলি উচ্চ শিক্ষাৰ এই সোণাপুৰ মহাবিদ্যলয় খনিক বৌদ্ধিক জাগৰণৰ এক প্ৰাণকেন্দ্ৰ হিচাপে উজ্বলাই তুলো ৷
শ্ৰদ্ধাৰে-
ড৹ বিপুল বৰা ড৹ দেৱব্ৰত খনিকৰ
ড৹ বিমান পাটোৱাৰী অধ্যক্ষ,
সম্পাদকদ্বয়, সোণাপুৰ মহাবিদ্যালয়,
ৰূপালী জয়ন্তী উদযাপন সমিতি,