College Anthem

মহাবিদ্যালয় সঙ্গীত

গীতিকাৰ – ডঃ ধনজি९ মেধি

 

আ আ আ —-

উজলি উঠিছে আজি শিখাৰ পোহৰ

বিকশি উঠিছে আজি কানন ফুলৰ

পূজাৰী আমি বন্তি জ্বলাওঁ

ন ন ফুলেৰে কানন সজাওঁ

ইয়াতেই, ইয়াতেই, ইয়াতেই,

গান গাওঁ আমি মানৱতাৰ

মন্ত্ৰ আমাৰ আগুৱাই যোৱাৰ

গঢ়িম আমি পথ আলোকৰ

পূৰাম ক্ষুধা সহস্ৰজনৰ

বিশ্বৰ খোজতেই খোজ মিলাওঁ

ন ন ফুলেৰে কানন সজাওঁ

ইয়াতেই, ইয়াতেই, ইয়াতেই,

হিংসা মিছা দূৰতে বিদূৰ

শান্তি সত্যত হওঁক মনপ্ৰাণ জুৰ

সপোন ৰচো সোনালী দিনৰ

কঠীয়া ছটিয়াও ভবিষ্যতৰ

ধৰণী জুৰি সুবাস বিলাওঁ

ন ন ফুলেৰে কানন সজাওঁ

ইয়াতেই, ইয়াতেই, ইয়াতেই ৷

 

 

সুৰ – লাচিত কাঠাৰ